Last Updated on July 7, 2025 by studentabc.xyz
Assamese Class 10 Question-বৰগীত-Previous years HSLC Questions
Q:- “সনক সনন্দ যোগী যাহাকু ধিয়ায় ।
সকল নিগমে যাাক বিচাৰি নাপায়।”
– ইয়াত কবিয়ে কি প্রসংগত, কাৰ বিষয়ে আৰু কিয় এনেদৰে কৈছে? [Marks-৩] [ [SEBA-HSLC-2024]
Q:– ‘মোহ-পাশ’ মানে কি ? [Mark-১] [SEBA-HSLC-2023]
Q:– কবি মাধৱদেৱৰ সাহিত্যিক কৰ্মৰাজিৰ ভাগসমূহ দেখুওৱা । [Marks-২] [SEBA-HSLC-2023]
Q:– তোমাৰ পাঠ্যপুথিৰ অন্তৰ্গত বৰগীতটি কোনে ৰচনা কৰে ? [Mark-১] [SEBA-HSLC-2022]
Q:- বৰগীতৰ দুটা লক্ষণ উল্লেখ কৰা ৷ [Marks-২] [SEBA-HSLC-2022]
Q:- তোমাৰ পাঠ্যপুথিত থকা বৰগীতটিৰ মূলভাৱ লিখা ৷ [Marks-৩] [SEBA-HSLC-2022]
Q:– ব্যাখ্যা কৰা –
আতুৰ ভৈলোহো হৰি বিষয় বিকলে ।
কৰিয়ো উদ্ধাৰ মোক চৰণ কমলে ৷ ৷ [Marks-৪] [SEBA-HSLC-2022]
Q:- ‘মোহ পাশ’ মানে কি? [Mark-১] [SEBA-HSLC-2021]
Q:- চমু টোকা লিখা : ব্ৰজাৱলী ভাষা [Marks-৩] [SEBA-HSLC-2021]
Q:- ব্যাখ্যা কৰা-
সহস্ৰ বয়নে যাৰ নপাৱন্ত সীমা
অধমে জানিবো কেনে তোমাৰ মহিমা।। [Marks-৪] [SEBA-HSLC-2021]
Q:- সনক সনন্দ যোগী যাহাকু ধিয়ায় ।”— সনক, সনন্দ আদি যোগীসকলে কাক ধ্যান
কৰে বুলি কৈছে? [Mark-১] [SEBA-HSLC-2020]
Q:- কবি মাধৱদেৱৰ সাহিত্যিক কৰ্মৰাজিক কি কি ভাগত ভাগ কৰিব পাৰি উল্লেখ কৰা । [Marks-২] [SEBA-HSLC-2020]
Q:- ব্যাখ্যা কৰা –
তোমাৰ চৰণ দুই মোৰ মহা ধন ।
ভকত জনেৰ নিজ তুমি সে জীৱন।। [Marks-৪] [SEBA-HSLC-2020]

Q:- তোমাৰ পাঠ্যপুথিৰ অন্তৰ্গত বৰগীতটিত কবিয়ে ‘বান্ধৱ’ বুলি কাক সম্বোধন কৰিছে? [Mark-১] [SEBA-HSLC-2019]
Q:- মাধৱদেৱৰ ৰচনাসমূহ কেইটা ভাগত ভগাব পাৰি? ভাগকেইটাৰ নাম লিখা । [Marks-২] [SEBA-HSLC-2019]
Q:- “সনক সনন্দ যোগী যাহাকু ধিয়ায় ।
সকল নিগমে যাাক বিচাৰি নাপায়।”
– ইয়াত কবিয়ে কি প্রসংগত, কাৰ বিষয়ে আৰু কিয় এনেদৰে কৈছে? [Marks-৩] [ [SEBA-HSLC-2019]
Q:-মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ কি? [Mark-১] [SEBA-HSLC-2018]
Q:- বৰগীতৰ লক্ষণসমূহ কি কি ? [Marks-২] [SEBA-HSLC-2018]
Q:- সহস্ৰ বয়নে যাৰ নাপাৱন্ত সীমা ।
অধমে জানিবো কেনে তোমাৰ মহিমা।। —অন্তর্নিহিত অর্থটি বুজাই লিখা । [Marks-৩] [SEBA-HSLC-2018]
Q:- তোমাৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত শ্ৰীশ্ৰী মাধৱদেৱ বিৰচিত বৰগীতটো কি ৰাগৰ ? [Mark ১ ] [SEBA-HSLC-2017]
Q:-“….নেৰিবা বান্ধৱ মোক জীৱনে মৰণে”
—কবিয়ে জীৱনে মৰণে নেৰিবৰ বাবে কাক অনুৰোধ কৰিছে ? [Marks-২] [SEBA-HSLC-2017]
Q:- ব্ৰজাৱলী ভাষাৰ বিষয়ে এটি টোকা লিখা । [Marks-৩] [SEBA-HSLC-2017]
Q:- তোমাৰ পাঠ্যপুথিৰ অন্তৰ্গত বৰগীতটিত কবিয়ে ‘বান্ধৱ’বুলি কাক সম্বোধন কৰিছে? [Mark-১] [SEBA-HSLC-2016]
Q:- ব্ৰজাৱলী ভাষাৰ বিষয়ে চমু টোকা লিখা । [Marks-2] [SEBA-HSLC-2016]
Q:-বৰগীতৰ তিনিটা লক্ষণ উল্লেখ কৰা । [Marks-৩] [SEBA-HSLC-2016]
Important Questions And Answer
Q:- মাধৱদেৱে কাৰ অধীনত শিক্ষালাভ কৰিছিল ?
Ans:- ৰাজেন্দ্ৰ অধ্যাপকৰ অধীনত তেওঁৰ টোলত মাধৱদেৱে শিক্ষা লাভ কৰিছিল।
Q:- মাধৱদেৱে ৰামায়ণৰ কোন খণ্ড প্ৰণয়ন কৰে?
Ans:- আদিকাণ্ড ৰামায়ণ।
Q:- মাধৱদেৱে ক’ত শংকৰদেৱৰ সৈতে মিলিত হয় ?
Ans:-ধুৱাহাট বেলগুৰিত।
Q:- বৰগীতটি কোনে ৰচনা কৰা?
Ans:- মহাপুৰুষ শ্ৰীশ্ৰীমাধৱদেৱেৰ ৰচনা ।
Q:- তলত দিয়া শব্দকেইটাৰ আধুনিক ৰূপ লিখা ?
কেনে ,
কহয়,
তুমিসে ,
নপাৱন্ত ,
জনেৰ ।
Ans:-কেনে -কেনেকৈ ।
কহয় – কয় ।
তুমিসে – তুমিহে ।
নপাৱন্ত – নোৱাৰে ।
জনেৰ – জনৰ ।
Q:- ‘মোহ – পাশ’মানে কি ?
Ans:- ‘মোহ-পাশ’ মানে হৈছে মায়াৰ জাল বা মায়াৰ বন্ধন।
Q:- মাধৱদেৱৰ জন্ম কেতিয়া আৰু ক’ত হেছিল ?
Ans:- ১৪৮৯ চনত মাধৱদেৱৰ জন্ম লেটেকুপুখুৰী, নাৰায়ণপুৰ (লক্ষীমপুৰ জিলাৰ অন্তৰ্গত)ত হৈছিল।
Q:- সনক , সনন্দ যোগী যাহাকু ধিয়ায় । —সনক , সনন্দ আদি যোগীসকলে কাক ধ্যান কৰে বুলি কৈছে ?
Ans:- সনক, সনন্দ আদিযোগীসকলে নাৰায়ণক ধ্যান কৰে বুলি উল্লেখ কৰা হৈছে।
Q:- কবিয়ে ‘বান্ধব’ বুলি কাক সম্বোধন কৰিছে ?
Ans:- কবিয়ে ‘বান্ধব’ বুলি নাৰায়ণক সম্বোধন কৰিছে।
Q:- “ সনক সনন্দ যোগী যাহকে ধিয়ায় ,
সকল নিগমে যাক বিচাৰি নাপায় । ” —ইয়াত কবিয়ে কি প্রসংগত , কাৰ বিষয়ে কিয় , এনেদৰে কৈছে চমুকৈ লিখা ?
Ans:- ভগৱানক লাভ কৰা একেবারেই সহজ কথা নহয়। সনক, সনন্দ আদি যোগসিদ্ধ পুৰুষসকলে যিজন পৰম পুৰুষক ধ্যান কৰে, তেঁওক সকলো বেদ অধ্যয়ন কৰিও বিচাৰি পোৱা নাযায়। তেওঁৰ মহিমা অতল-অপাৰ।
সহস্ৰ মুখযুক্ত অনন্ত নাগেও যাৰ গুণ বৰ্ণনা কৰি শেষ কৰিব নোৱাৰে,সেইজনা পুৰুষৰ মহিমা মাধৱদেৱেও নাজানে আৰু তেওঁ জনাতো সম্ভৱেই নহয় বুলি কবিয়ে নিজেই কৈছে । সেই মহান ভগৱানৰ গুণ সীমাহীন। সংসাৰৰ বিষয়-বসনত জড়িত হৈ কবিয়ে আতুৰ অনুভৱ কৰে আৰু মুক্তি লাভৰ আশাৰে ভগৱানৰ চৰণত শৰণ লৈছে। কাৰণ, ভকতৰ বাবে ভগৱানেহে একমাত্ৰ আশ্রয়, একমাত্ৰ জীৱনস্বৰূপ।
সেয়েহে কবিয়ে দৃঢ় বিশ্বাসেৰে কৈছে — এই পৰমপুৰুষ, যিজনক বেদে বিচাৰি নাপায়, যোগীৰে ধ্যানৰ বিষয়, তেওঁৰ চৰণত শৰণ লৈহে সংসাৰৰ বন্ধন-মুক্তি সম্ভৱ।
Q:- “কহয় মাধৱ হৰি দাসকু দাস।” —ইয়াত ‘মাধৱ’ কোন? ‘দাসকু দাস’ পদে কাক বুজাইছে?
Ans:- কবিতা ‘দুশাৰী’ত উল্লেখ থকা ‘মাধৱ’ শব্দে ভক্ত কবি শ্রীশ্রীমাধৱদেৱক সূচিত কৰে। তেনেদৰে, ‘দাসকু দাস’ পদেও শ্রীশ্রীমাধৱদেৱকেই নির্দেশ কৰে। কবিয়ে নিজকে ভগৱানৰ দাসৰো দাস হিচাপে কল্পনা কৰি তেওঁৰ গভীৰ নম্ৰতা আৰু আত্মলঘিমাৰ গুণ প্ৰকাশ কৰিছে।
Q:- “তোমাৰ চৰণ দুই মোৰ মহা ধন ।
ভকত জনেৰ নিজ তুমিয়ে জীৱন ।
Ans:-আমাৰ পাঠ্যপুথিত সন্নিবিষ্ট মহাপুৰুষ মাধৱদেৱ বিৰচিত ‘ হৰি হেৰৰে বাপ পশিলো শৰণে’ শীর্ষক বৰগীতটোৰ পৰা তুলি দিয়া হৈছে ।এই বৰগীতটোৰ মূল উদ্দেশ্য হৈছে—ভগৱানহে ভকতৰ ত্রাণকর্তা, আৰু তেওঁৰ চৰণ যুগলহে ভকতৰ বাবে পৰম ধন। এটি ভাৱ প্ৰকাশৰ বাবেই ব্যাখ্যেয় বৰগীতাকিৰ অৱতাৰণা কৰা হৈছে ।
যি ভগৱানক যোগসিদ্ধ পুৰুষসকলে ধ্যান কৰে, যিজন সমগ্ৰ বেদৰ বিচাৰ্য বিষয়, যাৰ গুণ অনন্ত সহস্ৰ মুখেৰে গাই থকিও শেষ কৰা নাযায়, সেই অপাৰ মহিমাৰ অধিপতি ভগৱানৰ গুণ বৰ্ণনা সাধাৰণ মানুহৰ ক্ষমতাৰ অতীত।
সংসাৰৰ বিষয়-বাসনাত আকুল হৈ পৰা মানুহৰ বাবে মুক্তিৰ একমাত্ৰ পথ হৈছে ভগৱানৰ চৰণত শৰণ লোৱা। কবিৰ বাবে এই সংসাৰ ক্লান্তিকৰ আৰু বিৰক্তিকৰ হৈ পৰিছে, সেই বাবে তেওঁ ভগৱানৰ চৰণত অলপ ঠাই বিচাৰে। ভকতৰ দৃষ্টিত ভগৱানৰ চৰণ যুগলহে হৈছে আটাইতকৈ মূল্যবান ধন।
সঁচা ভক্তৰ বাবে ভগৱানহে একমাত্ৰ জীৱনস্বৰূপ। এইদৰে, ভগৱানহে যে পৰম আশ্রয়, মুক্তিৰ একমাত্ৰ পথ—এই গভীৰ তত্বই বৰগীতাকিৰ জৰিয়তে প্ৰকাশ পাইছে।
What To Know
- -কেনে -কেনেকৈ ।কহয় – কয় ।তুমিসে – তুমিহে ।নপাৱন্ত – নোৱাৰে ।জনেৰ – জনৰ ।.
- – সনক , সনন্দ যোগী যাহাকু ধিয়ায় । —সনক , সনন্দ আদি যোগীসকলে কাক ধ্যান কৰে বুলি কৈছে .
- – “ সনক সনন্দ যোগী যাহকে ধিয়ায় ,সকল নিগমে যাক বিচাৰি নাপায় । ” —ইয়াত কবিয়ে কি প্রসংগত , কাৰ বিষয়ে কিয় , এনেদৰে কৈছে চমুকৈ লিখা .